২০ ডিচেম্বৰৰ পৰা অসমত কংগ্ৰেছৰ ব্যাপক জনসংযোগ অভিযান আৰম্ভ কৰিব: গৌৰৱ গগৈ

২০ ডিচেম্বৰৰ পৰা অসমত কংগ্ৰেছৰ ব্যাপক জনসংযোগ অভিযান আৰম্ভ কৰিব: গৌৰৱ গগৈ

গুৱাহাটী:
আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শনিবাৰৰ পৰা ৰাজ্যজুৰি ব্যাপক জনসংযোগ অভিযান আৰম্ভ কৰিব বুলি দলৰ সভাপতি গৌৰৱ গগৈয়ে জানিবলৈ দিয়ে।

‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক এই অভিযানৰ জৰিয়তে অসমবাসীৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰি নাগৰিক, অংশীদাৰ আৰু দলীয় কৰ্মীৰ পৰা মতামত সংগ্ৰহ কৰা হ’ব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ৰাইজৰ অংশগ্ৰহণেৰে এখন “ৰাইজকেন্দ্ৰিক ইশতেহাৰ” প্ৰস্তুত কৰা।

শুকুৰবাৰে সংবাদমাধ্যমৰ সৈতে কথা পাতি গগৈয়ে কয় যে পৰামৰ্শ প্ৰক্ৰিয়াৰ আৰম্ভণিতে অসমৰ উচ্চ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। শিক্ষাৰ গুণগত মান, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত থকা সমস্যাসমূহ এই আলোচনা-সংলাপত উত্থাপন কৰা হ’ব।
“উচ্চ শিক্ষা মানৱ সম্পদ বিকাশৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। সেয়ে এই ক্ষেত্ৰখন উন্নত কৰিবলৈ ৰাইজৰ দিশনিৰ্দেশ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ,” গগৈয়ে কয়।

তেওঁ লগতে কয় যে ৰাজ্যজুৰি বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে হোৱা সংলাপত স্পষ্ট হৈছে যে শিক্ষাৰ গুণগত মান উন্নত কৰা, গৱেষণা আৰু উদ্ভাৱন শক্তিশালী কৰা আৰু শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত এতিয়াও বহু কাম বাকী আছে।

এই জনসংযোগ অভিযান পাঁচটা সমান্তৰাল দলৰ জৰিয়তে চলোৱা হ’ব। এই দলসমূহে বাসযোগে ওপৰ অসম, মধ্য অসম, বৰাক উপত্যকা, বড়োলেণ্ড, পাহাৰীয়া জিলা আৰু তল অসম আৱৰি ল’ব। এই উদ্দেশ্যে পাঁচখন বিশেষ বাস সাজু কৰি ৰখা হৈছে।
প্ৰতি জিলা এটাকৈ দিন ধৰি কাৰ্যসূচী চলাবলৈ এখন সমন্বয় দলো গঠন কৰা হৈছে, যিয়ে ক্ষেত্ৰীয় দলসমূহৰ কাম-কাজ তদাৰক কৰিব।

উল্লেখযোগ্য যে ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ’ অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ ৬ ডিচেম্বৰত ডিব্ৰুগড়ত কৰা হৈছিল, যাৰ জৰিয়তে দলটোৰ ইশতেহাৰ প্ৰস্তুতিৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

গগৈয়ে কয়, অধিক বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এখন বিশেষ ডিজিটেল প্লেটফৰ্মো আৰম্ভ কৰিছে, যাৰ জৰিয়তে ৰাইজে অনলাইনযোগে নিজৰ মতামত দাখিল কৰিব পাৰিব।
ইয়াৰ লগতে ৬ ডিচেম্বৰৰ পৰা পৰ্যায়ক্রমে ৰাজ্যৰ বিভিন্ন জিলাত “Aspiration Box” স্থাপন কৰা হৈছে। প্ৰায় ৪,০০০ বাকচ চাহ বাগিচাৰ লাইন, বজাৰ, চাহ দোকান, বাছ ষ্টপ আদি জনসমাগম বেছি হোৱা স্থানত স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

“আমি এনে এখন অসম গঢ়িব বিচাৰোঁ, য’ত কেৱল একাংশ নহয়, সকলোৰে আশা-আকাংক্ষা প্ৰতিফলিত হ’ব। ডিজিটেল যুগত সকলো মানুহৰ ওচৰলৈ সৰাসৰি যোৱাটো সম্ভৱ নহয়, সেয়ে এই প্লেটফৰ্মে আমাক সকলোৰে সৈতে সংযোগ স্থাপন কৰিবলৈ সহায় কৰিব,” গগৈয়ে কয়।

তেওঁ লগতে উল্লেখ কৰে যে কৃষক, শ্ৰমিক, শিক্ষাৰ্থী, সৰু ব্যৱসায়ী, উদ্যোগপতি, মহিলা, বুদ্ধিজীৱী আৰু সামাজিক সংগঠনসমূহৰ অভিজ্ঞতা আৰু মতামত সংগ্ৰহ কৰি কংগ্ৰেছে এক নতুন অসমৰ দিশত এখন স্পষ্ট পথনকশা প্ৰস্তুত কৰিব বিচাৰে।

Leave a Comment