মূলধন ব্যয়: আৰ্থিক নীতিনিয়ম উলংঘনৰ অভিযোগ উঠিল, ৰাজ্য চৰকাৰক সোণাবৰঙা কংগ্ৰেছৰ সমালোচনা

মূলধন ব্যয়: আৰ্থিক নীতিনিয়ম উলংঘনৰ অভিযোগ উঠিল, ৰাজ্য চৰকাৰক সোণাবৰঙা কংগ্ৰেছৰ সমালোচনা

গুৱাহাটী, ৯ ডিচেম্বৰ: ৰাজ্যৰ মূলধন ব্যয়ত “আৰ্থিক নিয়ম-কানুন উলঙ্ঘন” কৰাৰ অভিযোগ উত্থাপন কৰিলে প্ৰাক্তন ৰাজ্যসভা সংসদ সদস্য আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই।

মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভবনত সংবাদমেল সম্বোধন কৰি বৰাই কৈছিল যে CAG (Comptroller and Auditor General)-এ ৰাজ্যৰ আটাইতকৈ শেহতীয়া অর্থবছৰৰ হিজিব পৰীক্ষা কৰি গুৰুত্বপূর্ণ অনিয়মৰ কথা উল্লেখ কৰিছে।

■ ঋণৰ ব্যৱহাৰত অনিয়মৰ অভিযোগ

বৰাই কয়—

“ঋণ মূলধন কাৰ্যৰ বাবে, বিনিয়োগৰ বাবে হয়; খৰচৰ বাবে নহয়। কিন্তু ৰাজ্য চৰকাৰে এই ঋণ বেনিফিচিয়াৰী স্কীম বিতৰণৰ নিচিনা খৰচমূলক কামত ব্যয় কৰিছে।”

তেওঁ কয় যে ৰাজ্য চৰকাৰে আৰ্থিক শৃংখলা সম্পূর্ণভাৱে মানি নচলে।

CAG ৰ তথ্য অনুসৰি—

২০২৩–২৪ অৰ্থবছৰত ১,৬৯,৯৬৬ কোটি টকা বাজেট ধৰা হৈছিল।

কিন্তু বাস্তৱ ব্যয় হৈছে ১,৩৯,৪৪৯ কোটি টকা।

ইয়াৰ পিছতো ৰাজ্য চৰকাৰে ৩০,৫১৬ কোটি টকা সঞ্চয়ৰ দাবি কৰিছে।
কিন্তু সেই বছৰত মুঠ আয় আছিল ১,৩৮,৮৩০ কোটি টকা— অৰ্থাৎ, CAG-ৰ ভাষাত, এই “সঞ্চয়” বাস্তৱত অস্তিত্বহীন।

■ ৫০টা বিভাগে Utilisation Certificate দাখিল নাই

বৰাই কয়—

৫০টা চৰকাৰী বিভাগে প্ৰায় ১৮,৬৬৯ কোটি টকাৰ Utilisation Certificate দাখিল নকৰে।

অৰ্থনীতি, শিক্ষা, সমাজ কল্যাণ যেন মুখ্য বিভাগো ইয়াৰ ভিতৰত।

ইয়ে স্পষ্টভাৱে আৰ্থিক নীতি উলংঘন আৰু জনসাধাৰণৰ টকা অস্বচ্ছভাৱে খৰচৰ প্ৰমাণ বুলিও তেওঁ মন্তব্য কৰে।

■ ৰাজ্যৰ ঋণ ভয়ংকৰভাৱে বৃদ্ধি

বৰাৰ মতে—

৩১ মাৰ্চ, ২০২৬লৈ অসমৰ মুঠ ঋণ ১,৭৪,০০০ কোটি টকাত উপনীত হ’ব।

আৰু এই ঋণৰ ৯৯% টকা আগন্তুক ১০ বছৰৰ ভিতৰত সুদসহ উভতাব লাগিব।

ইয়াৰ ফলত ভৱিষ্যতে কৰ বৃদ্ধি বা উন্নয়ন ব্যয় কঠোৰভাৱে প্ৰভাৱ পৰিব।

তেওঁ কয়—

২০১৯–২০ৰ তুলনাত ২০২৩–২৪ অর্থবছৰত ৰাজ্যৰ ঋণ ১০৩% বৃদ্ধি পাই ১,৪৬,৯২৭ কোটি টকাত উপনীত হৈছে।

সুদৰ ভাৰ ২০১৬–১৭ত ২,৯৬৩ কোটি টকাৰ পৰা ২০২৩–২৪ত ৯,৪৬৭ কোটি টকাত উঠিছে।

■ Supplementary Budget আৰু ঋণৰ অপব্যৱহাৰ

CAG ৰ অনুসন্ধানৰ ভিত্তিত বোৰাই কয়—

২০২৩–২৪ত লৈছে ৩০,২১০ কোটি টকাৰ Supplementary Budget, যাৰ প্ৰয়োজনীয়তা আচলতে ৭৪% কেৱল।

২০২১–২৪ৰ ভিতৰত চৰকাৰে লোৱা ঋণৰ ৬৫% টকা বেনিফিচিয়াৰী স্কীম আৰু গ্ৰাণ্টত ব্যয় কৰা হৈছে—
যাক CAG-এ “loan for investment, not for consumption” নীতিৰ স্পষ্ট লংঘন বুলি উল্লেখ কৰিছে।

■ স্বয়ংসম্পূৰ্ণ সংস্থা, ব’ৰ্ড আৰু উদ্যোগসমূহৰ হিচাবো দাখিল নহোৱা

৭৫টা স্বায়ত্তশাসিত পৰিষদ/বিকাশ ব’ৰ্ড

৩৯টা ৰাজ্যিক উদ্যোগ
ইয়াৰ কোনোটোৱেই হিচাব দাখিল কৰা নাই।

সেই সময়তে শিক্ষা, স্বাস্থ্য যেন গুৰুত্বপূর্ণ খণ্ডত ব্যয়—

শিক্ষাত ১৭.৭০% হ্ৰাস

স্বাস্থ্যত ৫.২১% হ্ৰাস

ইপিনে ঋণ উভতাবলৈ বাজেটৰ বাহিৰে ২,১৭২ কোটি টকা খৰচ কৰা হৈছে।

■ ‘অসমৰ ভৱিষ্যৎ সংকটত পৰিব পাৰে’ — ৰিপুন বৰা

তেওঁ মন্তব্য কৰে—
“এই সকলো তথ্য অসমৰ ভৱিষ্যতৰ বাবে এটা বিপদ সংকেত। চৰকাৰে তৎক্ষণাৎ স্বচ্ছতা, জবাবদিহিতা আৰু আৰ্থিক শৃংখলা পুনৰ্থাপন কৰিব লাগিব।”

Leave a Comment