IndiGo সংকটে দেশজুৰি বিশৃঙ্খলা: ৰাইজৰ প্ৰশ্ন—“আমি কাক বিশ্বাস কৰিম? চৰকাৰ ক’ত?”

IndiGo সংকটে দেশজুৰি বিশৃঙ্খলা: ৰাইজৰ প্ৰশ্ন—“আমি কাক বিশ্বাস কৰিম? চৰকাৰ ক’ত?”

IndiGo-ৰ বৃহৎ উৰণ বাতিল আৰু দেশৰ বিভিন্ন বিমানবন্দৰত উদ্ভৱ হোৱা বিশৃঙ্খল পৰিস্থিতিয়ে বহু লক্ষ লক্ষ যাত্ৰীক সমস্যাত পেলাইছে। অসম, উত্তৰ-পূৱ, উত্তৰ, পশ্চিম—দেশৰ প্ৰায় সকলো বিমানবন্দৰতে আজিও দেখা গৈছে—লাম লাইন ,ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা , তথ্যৰ অভাৱ, উৰণ বাতিল, যাত্ৰীসকলৰ কান্দোন, ক্ষোভ

এই পৰিস্থিতিয়ে এতিয়া সাধাৰণ ৰাইজকেই প্ৰশ্ন সোধিবলৈ বাধ্য কৰিছে—

ভাৰতৰ বৃহত্তম বিমান সংস্থাই কেনেকৈ এক্যাধিপত্য (monopoly) গঠন কৰিলে?

সাধাৰণৰ প্ৰশ্নঃ
“দেশত একাধিক বিমান সংস্থা থাকিব লাগিছিল। কিয় আজিৰ দিনত কেৱল ১–২টাৰ ওপৰত আকাশযান খণ্ড নিৰ্ভৰ কৰি আছে?”

IndiGo-এ বৰ্তমানৰ মাৰ্কেটৰ প্ৰায় ৬০–৬৫% দখল কৰি আছে।
এই ধৰণৰ এক ক্ষমতাৰ কেন্দ্রীকৰণ দেশৰ আকাশযান ব্যৱস্থাক বিপদজনকভাৱে চিন্তিত কৰি তুলিছে।

DGCA আৰু চৰকাৰৰ কৰ্তিপক্ষ ক’ত আছিল? নিয়ম কেনেকৈ অমান্য হ’ল?

Flight Duty Time Limitation (FDTL) নিয়মবোৰ ২০২৪-২৫ৰ ভিতৰত বলবৎ কৰা হৈছিল। এই নিয়ম মানিবলৈ বিমান সংস্থাবোৰৰ বহু সময়ো আছিল।

তথাপিও—

কি কাৰণত IndiGo এই নিয়ম পালনৰ বাবে প্ৰস্তুত নহ’ল? ক’ত গ’ল নিয়ম বাস্তবায়ন?

DGCA-য়ে কেতিয়া পৰীক্ষা কৰিলে?

কিয় আগতে কোনো সতর্কবাণী, notice বা কঠোৰ পদক্ষেপ দেখা নগ’ল?

ৰাইজৰ প্ৰশ্নঃ

“যদি নিয়ম DGCA-য়েই বনাইছে, তেন্তে সেই নিয়ম কিয় উলংঘা কৰা হল?”

আজিৰ দিনত এই সংকট কিয় অনিবার্য হল?

এই বিপদ একেদিনত সৃষ্টি হোৱা নহয়।
যাত্ৰীৰ মন্তব্য—

“এইটো বিগত এক বছৰৰ পৰা চলি আহিছিল। কিয় আগতে ব্যৱস্থা লোৱা নহ’ল?”

জাতীয় পৰ্যায়ত বিশৃঙ্খল দৃশ্য—ইয়াৰ উত্তৰ কোনে দিব?

৫ দিনত ৪০০ৰো অধিক Indigo উৰণ বাতিল হোৱাত—

বয়স্ক, অসুস্থা, পৰিবাৰসহ যাত্ৰী, বহুজনৰ চিকিৎসা, পৰীক্ষা, অফিস, অনুষ্ঠান বিফল হ’ল

কাৰো শেষকৃত্যলৈও সময়ত পাৱ নোৱাৰিলে

এজন যাত্ৰী কয়—

“এইটো কেৱল উৰণ বাতিল নহয়। এয়া মানুহৰ জীৱন আৰু সময়ৰ অপচয়।”

বিমানবন্দৰৰ সংকটৰ পৰা বচাবলৈ ৰেলৱে কেনেকৈ সন্মত হল?

IndiGo সংকটে যাত্ৰীৰ ভিৰ আকস্মিকভাৱে ৰেললৈ ধাবমান হোৱাত ৰেলৱে ৩৭টা ট্ৰেইনত ১১৬টা অতিৰিক্ত বগি সংযোজন কৰিলে।

প্ৰশ্নঃ

“যেতিয়া আন এটা ব্যৱস্থা যাত্ৰীৰ বাবে দায়বদ্ধ, তেন্তে মূল খণ্ড—বিমান পৰিবহণ—কেনেকৈ দায়িত্বহীন থাকিব পাৰে?”

ৰাজনৈতিক ধনৰ বন্ড (electoral bond) কি এই সংকটৰ পিছত গুৰুত্বপূর্ণ কাৰণ?

ইলেক্টৰেল বন্ড তথ্য প্ৰকাশ হোৱাৰ পিছত জনতাই নতুনকৈ চমক খালে—

IndiGo-ৰ parent কোম্পানীয়ে দশকোটি টকাৰ ৰাজনৈতিক বন্ড লৈছিল।

সাধাৰণ ৰাইজৰ প্ৰশ্নঃ

“যদি বৃহৎ অনুদান দিয়ে, তেন্তে সেই সংস্থাৰ ওপৰত চৰকাৰ কঠোৰ হব নোৱাৰে নেকি?”

সাৰংক্ষেপে: জনতাৰ এটাই প্ৰশ্ন—“এই বিপদত চৰকাৰৰ দায়িত্ব ক’ত?”

দেশৰ সৰ্ববৃহৎ বিমান সংস্থাখনে যেতিয়া দেশক স্তব্ধ কৰি পেলাইছে, তেতিয়া যাত্ৰীয়ে সুধিছে—

সময়ত আগতীয়াকৈ কেনেকৈ সংকেত পোৱা ন’হ’ল?

কেনেকৈ এক সংস্থাৰ ওপৰত সমগ্ৰ দেশৰ যাতায়ত নিৰ্ভৰ কৰি আছে?

কঠোৰ পদক্ষেপ ক’ত?

নিয়ম মানা বাধ্যতামূলক নে ঐচ্ছিক?

যাত্ৰীৰ সুৰক্ষা আৰু সুবিধা কাক লৈ চিন্তা?

এজন যাত্ৰী শেষত কয়—
“বিপদ আমাৰ, লাইনত থিয় আমি, সময় নষ্ট আমাৰ… কিন্তু উত্তৰ দিব কোনে?”

Leave a Comment