কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই তদন্ত আয়োগত দাখিল কৰিলে শপতনামা। মুখ্যমন্ত্ৰীৰ হাতে লিখা টোকালৈ উঠিল নতুন প্ৰশ্ন

কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই তদন্ত আয়োগত দাখিল কৰিলে শপতনামা। মুখ্যমন্ত্ৰীৰ হাতে লিখা টোকালৈ উঠিল নতুন প্ৰশ্ন

গুৱাহাটী
বিধায়িনী দলৰ নেতা (CLP নেতা) শ্ৰী দেবব্ৰত শইকীয়াই আজি জুবিন গাৰ্গদেৱৰ মৃত্যুৰহস্যৰ বাবে গঠিত তদন্ত আয়োগ (One Man Inquiry Commission)ৰ ওচৰত শপতনামা দাখিল কৰে। তেওঁ এই শপতনামাৰ জৰিয়তে পূৰ্বে বিভিন্ন সময়ত চৰকাৰ প্ৰশাসনিক ব্যক্তিক প্ৰেৰণ কৰা নিজা চিঠিসমূহত উল্লেখ কৰা একাধিক গুৰুত্বপূর্ণ বিষয় পুনৰ আয়োগৰ দৃষ্টিগোচৰ কৰে ।

শপতনামাত দেৱব্ৰত শইকীয়াই বিশেষকৈ বৈদেশিক মন্ত্রালয়ক (MEA) শেহতীয়াকৈ প্ৰেৰণ কৰা এখন চিঠিৰ বিষয় উল্লেখ কৰে, য’ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ব্যক্তিগতভাৱে লিখি দিয়া এটা টোকা পোৱা গৈছে বুলি উল্লেখ থাকে। উক্ত টোকাটো ছিংগাপুৰত আয়োজিত হ’ব লগা ‘নর্থইষ্ট ফেষ্টিভেল’ৰ আয়োজক শ্যামকানু মহন্তৰ পক্ষে দিয়া বুলি অভিযোগ উত্থাপন কৰা হৈছে।

শইকীয়া ডাঙৰীয়াই দাখিল কৰা শপতনামাত কয় যে এই বিষয়সমূহ জনস্বাৰ্থ আৰু প্রশাসনিক স্বচ্ছতাৰ দৃষ্টিৰে গুৰুত্বপূৰ্ণ বিষয় , সেইবাবে আয়োগে সকলো বিষয়ৰ তদন্ত কৰা আৱশ্যক।

এই শপতনামা দাখিল হোৱাৰ পিছত অসমৰ ৰাজনৈতিক মহলত নতুনকৈ আলোড়ন সৃষ্টি হৈছে আৰু মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ বিভিন্ন প্ৰশ্নও উত্থাপন হৈছে।

Leave a Comment