দেশৰ সকলো ৰাজ্যতকৈ কম দামত আদানিৰ পৰা বিদ্যুৎ কিনিব অসম চৰকাৰে ! মাধমাৰ পৰিব সাধাৰণ জনতাৰ ওপৰত

দেশৰ সকলো ৰাজ্যতকৈ কম দামত আদানিৰ পৰা বিদ্যুৎ কিনিব অসম চৰকাৰে !  মাধমাৰ পৰিব সাধাৰণ জনতাৰ ওপৰত

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শোকত ডুব গৈ আছে সমগ্ৰ ৰাজ্য ৷ তাৰ মাজতে ৰাজ্য চৰকাৰে গৌতম আদানি মালিকানাধীন আদানি পাৱাৰ লিমিটেডৰ পৰা অধিক দামত ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৷ ইতিমধ্যে আদানি দাখিল কৰা অধিক নিৰিখত মোহৰ লগাইছে ৰাজ্যৰ বিদ্যুৎ নিয়ামক আয়োগে ৷ আদানি পাৱাৰে পৰৱৰ্তী ২৫ বছৰলৈ অসমক যি দৰত বিদ্যুৎ বিক্ৰী কৰিবলৈ ওলাইছে , সেয়া দেশৰ আন ৰাজ্যসমূহতকৈ অধিক ৷  ২২ অক্টোবৰত ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে আদানি পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ ক্ৰয় কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ নিবিদা মুকলিৰ পৰা বিদ্যুৎ ক্ৰয়ত মোহৰ লগোৱালৈ এই সমগ্ৰ প্ৰক্ৰিয়া মাত্ৰ ১২ দিনত সম্পন্ন কৰা হৈছে ৷ যি সময়ত আদানি পাৱাৰে বিহাৰক প্ৰতি ইউনিটত ৬.০৭৫ টকা, মধ্যপ্ৰদেশক প্ৰতি ইউনিটত ৫.৮১-৫.৮৩ টকা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশক ৫.৩৯ টকা দৰত প্ৰতি ইউনিট বিদ্যুৎ বিক্ৰী কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছে, সেই সময়ত অসমক প্ৰতি ইউনিট বিদ্যুৎ ৬.৩০ টকা দৰত ক্ৰয় কৰিবলৈ সাজু হৈছে৷
উল্লেখ্য যে, অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী( এ পি ডি চি এল) য়ে ৩২০০ মেগাৱাট কয়লাৰ পৰা উৎপাদিত বিদ্যুৎ ক্ৰয় কৰিবৰ বাবে বিগত আগষ্ট মাহত নিবিদা আহ্বান কৰিছিল৷ নিবিদাত অংশগ্ৰহণৰ শেষ তাৰিখ আছিল ৩ অক্টোবৰ৷ নিবিদা মুকলি কৰা হয় ১০ অক্টোবৰত৷ য’ত আদানি পাৱাৰে নূন্যতম প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ বিক্ৰীৰ বাবে নিবিদা দাখিল কৰে৷ ইয়াৰ পাছত ১৫ অক্টোবৰত এ পি ডি চি এলে এই দৰত অনুমোদন দিবৰ বাবে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত আবেদন দাখিল কৰে৷ ১৭ অক্টোবৰত আবেদনৰ শুনানি গ্ৰহণ কৰি বিদ্যুৎ নিয়ামক আয়োগে কয় যে আদানি পাৱাৰে অধিক দৰত বিদ্যুৎ যোগানৰ বাবে নিবিদা দাখিল কৰা পৰিলক্ষিত হৈছে৷ এইক্ষেত্ৰত নিৰিখ হ্ৰাসৰ বাবে এ পি ডি চি এলক আদানি পাৱাৰৰ সৈতে যোগাযোগ কৰিবলৈ নিয়ামক আয়োগে নিৰ্দেশ দিয়ে৷
মন কৰিবলগীয়া কথাটো হ’ল ১৭ অক্টোবৰৰ শুনানিৰ দিনটোতেই আদানি পাৱাৰে এ পি ডি চি এলক জনাই দিয়ে যে তেওঁলোকে মধ্যপ্ৰদেশ আৰু বিহাৰৰ তুলনাত অসমৰ ক্ষেত্ৰত ফিক্সড চাৰ্জ কমকৈ নিৰ্ধাৰণ কৰিছে৷ মধ্যপ্ৰদেশত প্ৰতি ইউনিটত ফিক্সড চাৰ্জ ৪.২২-৪.৩০ টকা, বিহাৰত প্ৰতি ইউনিটত ফিক্সড চাৰ্জ ৪.১৭ টকা নিৰ্ধাৰণ কৰিছে৷ তাৰ তুলনাত অসমৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ফিক্সড চাৰ্জ ৪.১৬ টকা নিৰ্ধাৰণ কৰা হৈছে৷ এ পি ডি চি এলে আদানি পাৱাৰৰ এই যুক্তিক সমৰ্থন জনাই আদানি পাৱাৰে নিবিদাত দাখিল কৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত অনুমোদন জনাবলৈ পুনৰবাৰ আবেদন কৰে৷ ২২ অক্টোবৰত এই আবেদনৰ চূড়ান্ত শুনানি গ্রহণ কৰি নিয়ামক আয়োগে এ পি ডি চি এলৰ আবেদন মঞ্জুৰ কৰে৷ ইয়াৰ লগে লগে আদানি পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ ক্ৰয়ৰ প্ৰক্ৰিয়াত চূড়ান্ত মোহৰ লাগে৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল, আদানি গ্ৰুপে নিৰিখ হ্ৰাস নকৰাৰ অজুহাত হিচাপে অসমৰ ফিক্সড চাৰ্জ বিহাৰৰ তুলনাত ১ পইচা কম বুলি উল্লেখ কৰিছিল৷ কিন্তু বিদ্যুৎ পৰিবহণ মাচুল বিহাৰৰ তুলনাত অসমৰ ক্ষেত্ৰত ২৩ পইচা অধিক নিৰ্ধাৰণ কৰিছে৷ যাৰ বাবে বিহাৰত প্ৰতি ইউনিটৰ নিৰিখ ৬.০৭৫ টকা হোৱাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত এই নিৰিখ ৬.৩০ টকা হয়গৈ৷

Leave a Comment