ভোট চুৰিৰ অভিযোগ আৰু বিহাৰ বিধানসভা নির্বাচন—যজ্ঞেশ্বৰ গগৈ

ভোট চুৰিৰ অভিযোগ আৰু বিহাৰ বিধানসভা নির্বাচন—যজ্ঞেশ্বৰ গগৈ

২০২৪ৰ লোকসভা নির্বাচনৰ ভোটগণনাৰ ঠিক পিচতে এ ডি আৰ নামৰ সংস্থাটোয়ে প্রকাশ কৰা এক প্রতিবেদনত ৫৩৮ টা লোকসভা সমষ্টিৰ ভোটগণনা যন্ত্রত (ই ভি এম) অনিয়ম সংঘটিত হোৱা বুলি উল্লেখ কৰা হৈছিল। সেই প্রতিবেদন অনুসৰি ৩৬২টা সমষ্টিৰ ৫,৫৪,৫৯৮টা ভোটগণনা কৰা নহ’ল। ১৭৬টা সমষ্টিৰ ভোট দানতকৈ ৩৫,০৯৩টা অধিক ভোট ওলাল। আমৰেলী, আটিংগল, লাক্ষাদ্বীপ আৰু দাদৰা নগৰ হাভেলী আদি চাৰিটা সমষ্টিত ভোটগ্রহণ আৰু ভোটগণনাত কোনো অনিয়ম হোৱা নাছিল বুলি উল্লেখ কৰা হৈছে। নির্বাচন আয়োগে সর্বমুঠ ভোটৰ সংখ্যা আৰু ই ভি এমত বন্দী হোৱা ভোটৰ পৰীক্ষা নকৰাকৈয়ে ভোটগণনা সম্পূর্ণ কৰা বুলি অভিযোগ কৰা হৈছে। নির্বাচন আয়োগ নাইবা কেন্দ্রীয় চৰকাৰে উক্ত সংস্থাৰ প্রতিবেদনৰ ওপৰত কোনো গুৰুত্ব আৰোপ নকৰিলে। বিজেপিয়ে লোকসভাত একক সংখ্যাগৰিষ্ঠিতা লাভ কৰিব নোৱাৰিলেও চন্দ্রবাবু নাইডু আৰু নীতিশ কুমাৰৰ সমর্থনত চৰকাৰ গঠন কৰিলে। চলিত লোকসভাৰ এবছৰ নৌহওঁতেই চৰকাৰে বিহাৰৰ ভোটাৰ তালিকাত মৃত লোকৰ নাম আৰু বহুতো অবৈধ ভোটাৰ থকা বুলি কৈ ভোটাৰ তালিকাৰ ব্যাপক সংশোধনীৰ বাবে ভোটাৰৰ প্ৰ-পত্ৰৰ লগত কেইবাবিধৰ নথি জমা দিবলৈ নির্বাচন আয়োগে নির্দেশ জাৰি কৰিলে। নাগৰিকৰ হাতত থকা আধাৰ কার্ডকো প্রয়োজনীয় নথি হিচাপে গুৰুত্ব দিয়া নহ’ল। দেশৰ বিভিন্ন ঠাইত বিহাৰীসকল প্ৰব্ৰজনকাৰী হিচাপে নিয়োজিত হৈ থকাত নির্বাচন আয়োগে ধাৰ্য কৰা সময়সীমাৰ ভিতৰত সংশোধনীৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰাত ব্যর্থ হ’ল। এইদৰে ভোটাৰ তালিকাৰ ৬৫ লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কর্তন হ’ল। অতিসম্প্রতি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূর্য কান্ত আৰু জয়মাল্য বাগ্মীয়ে ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে আধাৰ কার্ডক প্রয়োজনীয় নথি হিচাপে গ্রহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ নির্দেশনাই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি কংগ্রেছ নেতা জয়ৰাম বমেশে মত প্রকাশ কৰিছে। কংগ্রেছ নেতা কে চি বেণুগোপালে ব্যক্ত কৰিছে যে ই গণতন্ত্রৰ বিজয়। বিহাৰৰ নির্বাচন প্রক্রিয়াক ভোটাৰ তালিকাৰ ব্যাপক সংশোধনৰ (এছ আই আৰ্যৰ দ্বাৰা বিকৃত কৰিবলৈ চেষ্টা কৰিছে সেইসকল ‘ভোট চোৰ’ৰ বাবে ই এটা ডাঙৰ সতর্কবাণী বুলি কংগ্রেছে উল্লেখ কৰিছে।
তৃণমূল কংগ্রেছৰ নেতা অভিষেক বেনাৰ্জীয়ে অলপতে কৈছে যে ২০২৪ৰ ভোটাৰ তালিকাৰ যদি ব্যাপক সংশোধনীৰ প্রয়োজন আছে৷
তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনার্জীয়ে অলপতে কৈছে যে ২০২৪ৰ ভোটাৰ তালিকাৰ যদি ব্যাপক সংশোধনীৰ প্রয়োজন আছে, তেন্তে লোকসভা ভংগ কৰি নতুনকৈ নির্বাচন অনুষ্ঠিত কৰিব লাগে। তেওঁৰ মতে বিজেপিৰ ২৪০ জন লোকসভাৰ সদস্যই নীতিগতভাবে প্রথমে পদত্যাগ কৰিব লাগে। বিবোধী দল শাসিত ৰাজ্যসমূহৰ যদি বলপূর্বকভাবে ভোটাৰ তালিকাত অনিয়ম থকা বুলি কৈ সংশোধন কৰিবলৈ বিচৰা হয় তেন্তে গোটেই কেন্দ্রীয় মন্ত্রীসভাখনেই পদত্যাগ কৰিব লাগে। যদি নির্বাচন আয়োগৰ কথাই শুদ্ধ হয় তেন্তে তদানীন্তন মুখ্য নির্বাচন আযুক্ত ৰাজীৱ কুমাৰৰ বিৰুদ্ধে অপৰাধৰ গোচৰ তৰিব লাগে। মহাৰাষ্ট্র, ঝাৰখণ্ড আৰু হাৰিয়ানাত একেখন ভোটাৰ তালিকাৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল, সেয়ে বিজেপিৰ সদস্যসকলে পদত্যাগ কৰিব লাগে। লোকসভা ভংগ কৰিব লাগে আৰু গোটেই দেশজুৰি ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী (এছ আই আৰ) ঘটাব লাগে। ‘ভোট চুৰি’ক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰি অহা অভিযোগ এতিয়া নতুন হৈ থকা নাই। তেওঁ ধাৰাবাহিকভাবে দেশৰ বিভিন্ন ৰাজ্যত সংঘটিত ভোট চুৰিৰ ঘটনাক লৈ তথ্য-প্রমাণসহ সংবাদমেল অনুষ্ঠিত কৰি গৈছে। এই অভিযোগক বিজেপিয়ে কটাক্ষ কৰি কৈছে যে কংগ্ৰেছৰ ই এক মনোযোগ আকৰ্ষণৰ কৌশল।
আজি অনুষ্ঠিত হ’বলগা বিহাৰ বিধানসভাৰ নির্বাচনৰ ভোটগণনাত সংশোধিত ভোটাৰ তালিকাই বেমেজালিৰ সৃষ্টি কৰাৰ আশংকা নথকা নহয়। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয়টোৱে বিৰোধী চৰকাৰ শাসিত ৰাজ্যবোৰত এক অবিশ্বাসৰ বাতাৱৰণ সৃষ্টি কৰিছে। সেয়ে নির্বাচন আয়োগে সকলো দলকে আশ্বস্ত কৰিব পৰাকৈ বাতাবৰণ সৃষ্টি কৰা উচিত। বাজনৈতিক দলবোৰে যদি ভোটাৰ তালিকাৰ দ্বাৰা ভোটাৰক আভুৱা ভাঁৰিবলৈ অস্ত্র হিচাপে ব্যৱহাৰ কৰে তেন্তে ই ভোটাৰৰ মাজত বিশ্বাসৰ খহনীয়াৰ সৃষ্টি কৰিব। নির্বাচন আয়োগৰ ওপৰত মুক্ত আৰু সংহত ন্যস্ত থাকিব আৰু সেইটো সময়ে নিৰূপণ কৰিব।

Leave a Comment